তৈল খেজুৰৰ খেতিক লৈ চলি থকা উৰা বাতৰি আৰু ভ্ৰান্ত ধাৰণা দূৰ কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি কৃষি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি মন্তব্য কৰে।
গুৱাহাটীত আজি কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান – তৈল খেজুৰৰ অধীনৰ চাহ বাগিচাত তৈল খেজুৰৰ খেতি বিষয়ক অংশীদাৰী সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। মন্ত্ৰী শ্ৰীহাজৰিকাই লগতে কয় যে লাভজনক এই কৃষিয়ে ৰাজ্যৰ কৃষক বন্ধুসকলৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব।
উল্লেখযোগ্য যে আজিৰ সন্মিলনত অসমক উদ্যানশস্যৰ অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিভিন্ন দিশসমূহ আলোচনা কৰা হয়। বিশেষকৈ ১৫ হাজাৰ হেক্টৰ কৃষিভূমিত তৈল খেজুৰৰ খেতি আৰু অহা ৫ বছৰত ৩০ হাজাৰ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বিষয়ে আলোচনা কৰা হয়।