গুৱাহাটীৰ খানাপাৰাৰ কৃষি ভৱনত অৱস্থিত ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয় পৰিদৰ্শন মন্ত্রী পীযুষ হাজৰিকাৰ

গুৱাহাটীৰ খানাপাৰাৰ কৃষি ভৱনত অৱস্থিত ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয় আজি বিভাগীয় মন্ত্রী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।

এই বৈঠকত মাখানা মিছন, খোৱা তেলৰ বাবে তৈল খেজুৰ অভিযান, মাহজাতীয় শস্য অভিযানকে ধৰি বিভিন্ন কৃষিজাতীয় আঁচনিৰ অগ্ৰগতি সম্পৰ্কে পর্যালোচনা কৰাৰ লগতে বৰাক উপত্যকাৰ জিলাসমূহত প্ৰস্তাৱিত ৰাজমাহ মিছনৰ সম্পৰ্কেও আলোচনা কৰা হয়।

তদুপৰি চৰকাৰী আঁচনিসমূহ সময়মতে ৰূপায়ণ আৰু তৃণমূল পৰ্যায়ত কৃষকসকলৰ সৈতে অধিক সুদৃঢ় সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে। ধান খেতিৰ লগতে মাখানা, সাঁচি, তৈল খেজুৰ, নাৰিকল, ড্রেগন ফ্রুইট আৰু অন্যান্য ফল- মূল তথা উদ্যান শস্যৰ খেতি প্ৰসাৰৰ জৰিয়তে শস্যৰ বৈচিত্ৰ্যকৰণ আৰু সম্প্ৰসাৰণত ৰাজ্য চৰকাৰে বিশেষভাৱে অগ্ৰাধিকাৰ দিব বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে।

অসমৰ প্ৰতিখন জিলাৰ কৃষি সম্ভাৱনাক বাস্তৱত ৰূপায়িত কৰি ৰাজ্যখনক এখন আগশাৰীৰ উদ্যানশস্য উৎপাদনকাৰী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈঠে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কৃষকসকলৰ সামূহিক অংশগ্রহণ, বজাৰ সংযোগ আৰু উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যখনক কৃষক উৎপাদক কোম্পানীৰ সংখ্যা দুগুণ কৰাৰ বাবেও বিষয়াসকলক প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰী হাজৰিকাই নিৰ্দেশ প্রদান কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।