মাখানা খেতিৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে গুৱাহাটীত কৃষি মন্ত্রী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক

কৃষি মন্ত্রী পীযুষ হাজৰিকাই আজি মাখানা খেতিৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

বিশ্বৰ বজাৰত বহুলভাৱে সমাদৃত মাখানা খেতিৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, নিগমৰ পৰিচালন সঞ্চালক আৰু কৃষি আয়ুক্ত তথা সঞ্চালকালয়ৰ সৈতে মন্ত্ৰীগৰাকীয়ে মিলিত হয়।

সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি আৰু মীন বিভাগৰ সমন্বয় স্থাপনৰ জৰিয়তে অসমত মাখানাৰ উৎপাদন বৃদ্ধি আৰু বাণিজ্যিক বিস্তাৰৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি যাব।