কৃষি মন্ত্ৰী পীযূষ হাজৰিকাই আনাৰস খেতিৰ জৰিয়তে ৰাজ্যৰ উদ্যান শস্যৰ অৰ্থনীতিক অধিক গতিশীল কৰাৰ অপাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মার্কুলিনত আজি মাৰ জনজাতিৰ কৃষকসকলৰ সৈতে মত-বিনিময় কৰি কৃষি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্ৰীহাজৰিকাই কৃষকসকলক উদ্যান শস্য উৎপাদনত সহায় কৰাৰ লগতে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীসমূহক বিশ্ব বজাৰলৈ লৈ যোৱাৰো আশ্বাস দিয়ে।
এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলক প্রয়োজনীয় উদ্যানশস্য কিট আৰু উন্নত মানৰ ৰোপণ সামগ্ৰী যোগানৰ লগতে তেওঁলোকৰ বাবে বিশ্রাম গৃহ নিৰ্মাণ, শীতলীকৰণ ব্যৱস্থা আৰু প্ৰয়োজন অনুসৰি ক্ষুদ্ৰ জলসিঞ্চন আঁচনি ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে অহা তিনি দিনৰ ভিতৰত জিলাখনৰ প্ৰতিটো সমষ্টিত দুহেজাৰকৈ নাৰিকলৰ পুলি আৰু সাতটা সমষ্টিত তিনি-চাৰি হাজাৰ তামোলৰ পুলি বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
কৃষি মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে দেৱান চাহ বাগিচাত কৰা তৈল খেজুৰৰ খেতি পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে শস্যৰ বহুমুখীকৰণ আৰু ভোজ্যতেলৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যিক মন্ত্রীসভাই ইতিমধ্যে চাহ বাগিচাসমূহৰ মুঠ মাটিকালিৰ পাঁচ শতাংশ ভূমি তৈল খেজুৰৰ খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেৱান চাহ বাগিচাৰ কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে সকলো চাহ বাগিচা কৰ্তৃপক্ষক তৈল খেজুৰৰ খেতি আৰম্ভ কৰিবলৈ আহ্বান জনায়।
এই পৰিদৰ্শনকালত শ্ৰী হাজৰিকাৰ সৈতে খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কৌশিক ৰায়, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু কিশোৰ নাথ উপস্থিত থাকে। মন্ত্ৰী শ্ৰী হাজৰিকাই আজি শিলচৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকতো মিলিত হয়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ অহা পাঁচ বছৰৰ ভিতৰত বৰাক উপত্যকাত জলসিঞ্চন বিভাগৰ বাবে দুহেজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব বুলি প্ৰকাশ কৰে।