অসম বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা

অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি বিধায়ক অখিল গগৈয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ অ’ পি এছ আঁচনিক লৈ প্ৰশ্ন উত্থাপন কৰে। মন্ত্রী জয়ন্ত মল্লবৰুৱাই বিধায়কগৰাকীৰ পৰিপূৰক প্ৰশ্নৰ উত্তৰ দিয়ে। আজি বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। ইফালে, কালি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্মা হাজৰিকাই ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী-মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্রীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূর্ণ আলোচনা অনুষ্ঠিত হ’ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে।

ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয়, যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত তিনি বছৰত ১২০ টা হাতী আৰু কমেও ৩৬৩ জন লোকৰ মৃত্যু হৈছে। বনমন্ত্রী জয়ন্ত মল্লবৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।