অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক পদ্ম হাজৰিকাই ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী-মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে।
বুধবাৰে সদনত বাজেট আলোচনা হোৱাৰ পাছত অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে।
ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয়, যে হাতী-মানুহৰ সংঘাতৰ ফলত বিগত তিনি বছৰত ১২০ টা হাতী আৰু কমেও ৩৬৩ জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰীগৰাকীয়ে সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে সদনত মাইক্ৰ’ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ঋণ ৰেহাই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্রশ্নৰ উত্তৰত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে।
মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ঋণ সকাহ আঁচনিৰ অধীনত ২০২১ চনত ৩৭ টা ঋণ প্রদানকাৰী সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে।