ধেমাজিৰ গোগামুখত পৰহিলৈৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে মিছিং স্পোর্টছ কার্ণিভেলৰ আয়োজন

ধেমাজিৰ গোগামুখত পৰহিলৈৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে মিছিং স্পোর্টছ কার্ণিভেলৰ আয়োজন কৰা হৈছে। জনগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মৰ ক্ৰীড়াৰ প্ৰতি আসক্তি জগাই, নিচাজাতীয় সামগ্ৰী গ্ৰহণৰ পৰা বিৰত ৰখাৰ উদ্দেশ্যেৰে চতুৰ্থবাৰৰ বাবে এই ক্রীড়া মহোৎসৱৰ আয়োজন কৰা হৈছে।

বিগত বছৰবোৰৰ দৰে জনগোষ্ঠীটোৰ ছাত্ৰ সংগঠন টি এম পি কেৰ উদ্যোগত আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে।

প্ৰায় ৩ হাজাৰ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰিবলগীয়া মহোৎসৱৰ বাবে জংকী পানৈ হাইস্কুলৰ খেলপথাৰত গেমছ ভিলেজ নিৰ্মাণ কৰা হৈছে। ইয়াৰ লগতে মিছিং স্বায়ত্ত শাসিত পৰিষদৰ পুজিৰে বিদ্যালয়খনৰ খেলপথাৰত অসমৰ অন্যতম সুবিধাযুক্ত ফুটবল ক্রীড়াংগন সাজু কৰি তোলা হৈছে। ভলীবল, বক্সিং, কাবাডী ইত্যাদি খেলসমূহ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব।

আনহাতে, আৰ্ছাৰী প্ৰতিযোগিতা মিছিং আগম কৌবাঙৰ খেলপথাৰত আৰু পেনচাক চিলাৎ, উশু, টাইকোৱাণ্ডোৰ দৰে খেলসমূহ গোগামুখ আৱতানি লত্তাত অনুষ্ঠিত হ’ব। বেডমিণ্টন, শ্বটপুট আৰু ডিচকাচ প্ৰতিযোগিতা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সাঁতোৰ প্রতিযোগিতা এন চি দি মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব।

কার্ণিভেলৰ আৰম্ভণিৰ দিনটোত অলিম্পিক মেডেলিষ্ট আৰু এচিয়ান গেমছৰ স্বৰ্ণ পদক প্রাপ্ত বক্সাৰ লাভলীনা বৰগোহাই উপস্থিত থাকিব। একেদৰে কাৰ্ণিভেলৰ সামৰণি অনুষ্ঠানত অলিম্পিক পদক প্রাপ্ত বক্সাৰ বীজেন্দৰ সিং উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।