ধেমাজি জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি ডা০ ৰণোজ পেগুৱে আজি পুৱা পতাকা উত্তোলনেৰে হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী মুকলি কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ধেমাজি মহাবিদ্যালয়ক অতি শীঘ্ৰে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি মন্তব্য কৰে। তেওঁ লগতে ১৯৬৫ চনত স্থাপন হোৱা এই মহাবিদ্যালয়খনৰ সুদীৰ্ঘ যাত্ৰাত সেৱা আগবঢ়োৱা সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ।
হীৰক জয়ন্তী উপলক্ষে মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষার্থী, শিক্ষক-শিক্ষয়িত্রী তথা স্থানীয় ৰাইজৰ সহযোগত এটা বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্রাত বিভিন্ন জাতি- জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশ প্ৰদৰ্শন কৰা হয়৷
Assamese | January 24, 2026 7:58 PM | Akashvani | Akashvani Guwahati | Dhemaji | Dr Ranuj pagu | Local news
ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত