September 30, 2026 10:56 AM

views 5

চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ

চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা বিভিন্ন প্ৰতিবেদনত প্ৰকাশ হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰীগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। ডঃ পেগুৱে কয় যে, বিদ্যালয়ত শিক্ষার্তীৰ সংখ্যা হ্ৰাস হোৱা নাই তাৰ তথ্য প্রমাণ আছে। ইপিনে, শিক্ষাবিভাগে আজিৰে পৰা কাৰ্য্যকৰী হোৱাকৈ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছ...

September 5, 2026 6:59 PM

views 10

প্রতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ

প্রতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী স্নাতক কলেজত শিক্ষক দিৱসৰ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীপেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বৰ্তমানৰ প্রতিযোগিতামূলক পৰিৱেশত কেৰিয়াৰৰ নতুন সম্ভাৱনাৰ বিষয়ে সৰুৰে পৰা জ্ঞান দিয়াটো অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী শিশুৱে নিজৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি আগবাঢ়ি যোৱাৰ সমান অধিকাৰ লাভ কৰিব লাগে বুলি তে...

July 14, 2026 7:32 PM

views 26

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ বাবে গঠন কৰি দিয়া সমিতিখনে প্রতিবেদন দাখিল কৰিছে বুলি ডা০ ৰণোজ পেগুৰ প্ৰকাশ

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্রতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডা০ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মর্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সালসলনি কৰা...

June 11, 2026 11:36 AM

views 49

ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত বিভাগটোৰ কেইবাখনো পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি সাংবাদিকৰ আগত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে শিক্ষকৰ খালী পদৰ তথ্য শিক্ষা সেঁতু এপৰ পৰা লাভ কৰা হৈছে। খালী পদ পূৰণৰ ক্ষেত্ৰত বিভাগে এইবাৰ কিমান সংখ্যক শিক্ষকে অৱসৰ গ্ৰহণ কৰিব, সেই বিষয়টোতো গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে নিযুক্তিৰ বিজ্ঞাপন শাখাৰ পৰা নিযুক্তি লাভ কৰা লৈকে এই দীঘলীয়া সময়ছোৱাত বহু শিক্...

June 10, 2026 6:38 PM

views 21

বিনামূলীয়া পাঠ্যপুথি সৰ্ন্দভ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ২০২৭-২৮ শিক্ষাবৰ্ষ আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ কাগজ ক্ৰয় মুদ্ৰণ, পৰিবহণ আৰু বিতৰণ সংক্রান্তীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিভিন্ন কাৰ্যসূচীৰ সময়সীমা, শিক্ষাসেতু, দৰ্পণ প'ৰ্টেল আদিৰ জৰিয়তে নামভৰ্তিৰ তথ্য, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় বিত্তীয় সাহায্য, নতুনকৈ প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহৰ...

June 10, 2026 3:42 PM

views 29

দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পৰিবহন সুবিধা প্ৰদান কৰা হ’ব

ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহ বাগিছা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহন উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষার্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে বিনামুলীয়া পৰিবহন-সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে। তেওঁ কয় যে এই পদক্ষেপে চাহ বাগিছা অঞ্চলত বাস কৰা উপান্ত আৰু দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ...

January 24, 2026 7:58 PM

views 72

ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত

ধেমাজি জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। শিক্ষামন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি ডা০ ৰণোজ পেগুৱে আজি পুৱা পতাকা উত্তোলনেৰে হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী মুকলি কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ধেমাজি মহাবিদ্যালয়ক অতি শীঘ্ৰে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ব বুলি মন্তব্য কৰে। তেওঁ লগতে ১৯৬৫ চনত স্থাপন হোৱা এই মহাবিদ্যালয়খনৰ সুদীৰ্ঘ যাত্ৰাত সেৱা আগবঢ়োৱা সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ অৱদানক শ্ৰদ্ধাৰে স...

December 19, 2025 6:48 PM

views 50

ধেমাজি জিলাৰ সদ্য নিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলক শিক্ষামন্ত্রীৰ নিযুক্তিথলীৰ পত্ৰ বিতৰণ

ধেমাজি জিলা শিক্ষা বিভাগৰ অধীনত আজি আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ সদ্য নিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলক শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নিযুক্তিথলীৰ পত্ৰ বিতৰণ কৰে। জিলাখনৰ মুঠ ২০৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক তেওঁলোকে বাছনি কৰা শিক্ষানুষ্ঠানৰ বাবে নিযুক্তি দিয়া হয়। জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সহযোগত ধেমাজি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্রী ডাঃ পেগুৱে শিক্ষক-শিক্ষয়িত্রীসকলক কর্মজীৱনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিজৰ শিক্ষানুষ্ঠ...

December 11, 2025 12:37 PM

views 45

ধেমাজিৰ ন-পামত কৰ্মৰত মহিলাৰ বাবে আবাসগৃহৰ আধাৰশিলা স্থাপন ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ ন-পামত কৰ্মৰত মহিলাৰ বাবে আবাসগৃহৰ আধাৰশিলা স্থাপন কৰে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত ৮ কোটি ৪০ লাখ টকা ব্যয়সাপেক্ষে এই আবাসগৃহটো নিৰ্মাণ কৰা হ'ব। ইয়াৰ জৰিয়তে কৰ্মৰত মহিলাসকলক সুৰক্ষিত আৰু কৰ্ম উপযোগী পৰিৱেশ প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কৰ্মৰত মহিলাসকলৰ সুবিধার্থে এনে আবাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত অনুমোদন জনোৱাৰ বাবে বিভাগীয় মন্ত্রী অজন্তা নেওগক ধন্যবাদ জ্ঞাপন কৰে।

November 27, 2025 7:45 PM

views 63

ৰাজ্যৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বর্তমান এনে বিদ্যালয়সমূহত মুঠ ২৩ হাজাৰ ১৫৭ গৰাকী ছাত্র-ছাত্রীয়ে নামভর্তি কৰিছে। বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্রকাশ কৰে। ডাঃ পেণ্ডবে লগতে কয়, যে বর্তমান ৰাজ্যৰ চাহ বাগিচাসমূহত ১১৮ খন আদর্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূর্ণ হৈছে আৰু প্ৰতিখন আদর্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে ৮৭ খন বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ আৰু ৩১ খন বিদ্যালয়ত ষষ্...