July 14, 2026 7:32 PM | Dr Ranuj pagu

printer

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ বাবে গঠন কৰি দিয়া সমিতিখনে প্রতিবেদন দাখিল কৰিছে বুলি ডা০ ৰণোজ পেগুৰ প্ৰকাশ

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্রতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডা০ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মর্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সালসলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণিৰ প্ৰস্তাৱ মানি লয়। ডা০ পেগুৱে কয়, যে বিধানসভা নিৰ্বাচনৰ বাবে এই সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল। তেওঁ কয়, যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংশোধনসমূহত অনুমোদন দিছে আৰু যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রী জুৱেল অৰামে জনগোষ্ঠীকেইটাৰ দাবী প্রত্যাখ্যান কৰা নাই বুলি মন্তব্য কৰি ডা০ পেগুৱে কয়, যে মন্ত্ৰীগৰাকীয়ে অকল সংসদৰ আসন্ন অধিৱেশনৰ সময়ত বিধেয়কখন লোকসভাত উত্থাপনৰ সম্ভাৱনা কম বুলিহে উল্লেখ কৰিছে।

ইয়াৰ পূৰ্বে বিৰোধী পক্ষৰ নেতা চৌধুৰীয়ে বিষয়টো সদনত উত্থাপন কৰি কয়, যে কোচ-ৰাজবংশী, মৰাণ- মটক, টাই আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক মাধ্যমেৰে জনজাতীয় মর্যাদা প্ৰদানৰ বাবে দাবী জনাই আহিছে। তেওঁ কয়, যে এই জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব বুলি আশ্বাস দিয়া হৈছে যদিও এতিয়ালৈকে তেওঁলোকে এই সাংবিধানিক অধিকাৰ লাভ কৰা নাই। চৰকাৰৰ পৰা স্পষ্টিকৰণ দাবী কৰি শ্রীচৌধুৰীয়ে এই সম্পৰ্কীয় প্ৰস্তাৱৰ শেহতীয়া স্থিতি সম্পৰ্কে জানিব বিচাৰে আৰু বিপ্লৱ শৰ্মাৰ পৰামৰ্শাৱলী কেতিয়া ৰূপায়ণ কৰা হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে। বিষয়টো সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ স্পষ্টীকৰণক লৈ বিৰোধী পক্ষৰ সদস্যসকল সন্তুষ্ট নহয় আৰু চৰকাৰে প্ৰস্তাৱটো কেতিয়া সংসদত উত্থাপন কৰিব সেই বিষয়ে অৱগত কৰিবলৈ বাৰে বাৰে হেঁচা প্ৰয়োগ কৰে। বিধানসভাৰ অধ্যক্ষই পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লোৱাত বিৰোধীৰ পক্ষৰ সদস্যসকল সদন কক্ষ ত্যাগ কৰে ৷