November 17, 2025 1:11 PM

views 76

ৰাজ্যৰ নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয় শিক্ষকৰ ৪,৫০০টা পদ পূৰণৰ বাবে উত্তীর্ণ প্রার্থীৰ নথি পৰীক্ষণ আৰম্ভ

ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় শিক্ষকৰ খালী হৈ থকা ৪ হাজাৰ ৫০০টা পদ পূৰণৰ বাবে পূর্বে অনুষ্ঠিত পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলৰ নথি পৰীক্ষণৰ কাম আজি আৰম্ভ হৈছে। প্রথমে দিব্যাংগ প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত ৪০২টা পদৰ বাবে উত্তীর্ণ প্রার্থীৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ'ব। ইয়াৰ পাছতে অন্যান্য প্রার্থীসকলৰ নথি পৰীক্ষণ কৰা হ'ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্রকাশ কৰি কয়, যে অহা জানুৱাৰীৰ ভিতৰত নথি পৰীক্ষণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈ...

October 10, 2025 7:59 PM

views 54

ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন কৰে। নাবাৰ্ড আৰু জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্টৰ সহযোগত পুনৰ নিৰ্মাতি এই হাটখনৰ উদ্বোধনী অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰ প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰী শ্ৰী পেগুৱে ইয়াৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰ...

October 7, 2025 7:48 PM

views 64

ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত প্রাদেশিকীকৃত উচ্চ, উচ্চতৰ আৰু মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলাখনৰ বিদ্যালয় শিক্ষাৰ মান পূৰ্বতকৈ উন্নত হৈছে বুলি প্ৰকাশ কৰি তেওঁ প্রধান শিক্ষকসকলক আৰু অধিক উন্নত কৰাৰ লক্ষ্যৰে যাৱতীয় দিহা-পৰামৰ্শ প্রদান কৰে।