ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন কৰে। নাবাৰ্ড আৰু জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্টৰ সহযোগত পুনৰ নিৰ্মাতি এই হাটখনৰ উদ্বোধনী অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰ প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰী শ্ৰী পেগুৱে ইয়াৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ সুবিধা প্ৰদানৰ লগতে স্থানীয় উৎপাদক তথা উদ্যোগীসকলে এখন নিৰ্ভৰযোগ্য মঞ্চ লাভ কৰিব বুলি প্ৰকাশ কৰে।
Assamese | October 10, 2025 7:59 PM | Dr Ranuj pagu
ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন ডাঃ ৰণোজ পেগুৰ