শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত প্রাদেশিকীকৃত উচ্চ, উচ্চতৰ আৰু মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলাখনৰ বিদ্যালয় শিক্ষাৰ মান পূৰ্বতকৈ উন্নত হৈছে বুলি প্ৰকাশ কৰি তেওঁ প্রধান শিক্ষকসকলক আৰু অধিক উন্নত কৰাৰ লক্ষ্যৰে যাৱতীয় দিহা-পৰামৰ্শ প্রদান কৰে।
Assamese | October 7, 2025 7:48 PM | Dr Ranuj pagu
ধেমাজি জিলাৰ বিদ্যালয় শিক্ষা ক্ষেত্ৰৰ পৰ্যালোচনা ডাঃ ৰণোজ পেগুৰ