শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ ন-পামত কৰ্মৰত মহিলাৰ বাবে আবাসগৃহৰ আধাৰশিলা স্থাপন কৰে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত ৮ কোটি ৪০ লাখ টকা ব্যয়সাপেক্ষে এই আবাসগৃহটো নিৰ্মাণ কৰা হ’ব। ইয়াৰ জৰিয়তে কৰ্মৰত মহিলাসকলক সুৰক্ষিত আৰু কৰ্ম উপযোগী পৰিৱেশ প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কৰ্মৰত মহিলাসকলৰ সুবিধার্থে এনে আবাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত অনুমোদন জনোৱাৰ বাবে বিভাগীয় মন্ত্রী অজন্তা নেওগক ধন্যবাদ জ্ঞাপন কৰে।
Assamese | December 11, 2025 12:37 PM | Dr Ranuj pagu
ধেমাজিৰ ন-পামত কৰ্মৰত মহিলাৰ বাবে আবাসগৃহৰ আধাৰশিলা স্থাপন ডাঃ ৰণোজ পেগুৰ