প্রতিযোগিতামূলক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ কেৰিয়াৰ গঢ়াত ষষ্ঠ শ্ৰেণীৰ পৰাই পৰামৰ্শৰ প্ৰয়োজন বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। আজি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী স্নাতক কলেজত শিক্ষক দিৱসৰ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শ্ৰীপেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বৰ্তমানৰ প্রতিযোগিতামূলক পৰিৱেশত কেৰিয়াৰৰ নতুন সম্ভাৱনাৰ বিষয়ে সৰুৰে পৰা জ্ঞান দিয়াটো অতি প্ৰয়োজনীয়। প্ৰতিগৰাকী শিশুৱে নিজৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি আগবাঢ়ি যোৱাৰ সমান অধিকাৰ লাভ কৰিব লাগে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষা খণ্ডত বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে আগবঢ়াই অহা অৱদানৰো শলাগ লয়।
অনুষ্ঠানত কেইবাগৰাকীও কৃতী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্র-ছাত্রীকো সম্বর্ধনা জনোৱা হয়। ৫ ছেপ্তেম্বৰৰ দিনটো বিশ্ব শগুণ দিৱস হিচাপেও গুৰুত্বপূৰ্ণ হিচাপে উল্লেখ কৰি শ্ৰী পেগুৱে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। তেওঁ শগুনকে ধৰি বিলুপ্তিৰ দিশত আগবঢ়া সকলো জীৱ-জন্তু আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সকলোকে সচেতন হ’বলৈ আহ্বান জনায়।