ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত বিভাগটোৰ কেইবাখনো পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি সাংবাদিকৰ আগত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে শিক্ষকৰ খালী পদৰ তথ্য শিক্ষা সেঁতু এপৰ পৰা লাভ কৰা হৈছে। খালী পদ পূৰণৰ ক্ষেত্ৰত বিভাগে এইবাৰ কিমান সংখ্যক শিক্ষকে অৱসৰ গ্ৰহণ কৰিব, সেই বিষয়টোতো গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে নিযুক্তিৰ বিজ্ঞাপন শাখাৰ পৰা নিযুক্তি লাভ কৰা লৈকে এই দীঘলীয়া সময়ছোৱাত বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু ভালেসংখ্যক পদ খালী হৈ পৰে। সেয়েহে এইবাৰ নিযুক্তিৰ সময়ত ২০২৭ চনৰ ৩১ মাৰ্চৰ ভিতৰত কিমান পদ খালী হ’ব, সেই বিষয়টোত বিশেষভাৱে নজৰ দিয়া হ’ব, যাতে খালী পদসমূহ সঠিকভাৱে পূৰ্ণ হয়।
Assamese | June 11, 2026 11:36 AM | Dr Ranuj pagu
ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ