চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা বিভিন্ন প্ৰতিবেদনত প্ৰকাশ হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰীগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। ডঃ পেগুৱে কয় যে, বিদ্যালয়ত শিক্ষার্তীৰ সংখ্যা হ্ৰাস হোৱা নাই তাৰ তথ্য প্রমাণ আছে।
ইপিনে, শিক্ষাবিভাগে আজিৰে পৰা কাৰ্য্যকৰী হোৱাকৈ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি বিদ্যালয় চৌহদত অবাঞ্চিত লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। প্ৰাতঃপ্ৰাৰ্থনাৰ লগে লগে বিদ্যালয়ৰ প্ৰৱেশ দুৱাৰ বন্ধ কৰিব লাগিব বুলিও কোৱা হৈছে। আনহাতে বিদ্যালয় চলি থকা অৱস্থাত অনুমতি অবিহনে কোনোলোকে ফটো বা ভিডিঅ’ ল’ব নোৱাৰিব। বিদ্যালয় চৌহদৰ ভিতৰত অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰাটো বাধা আৰোপ কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়তে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ পৰামৰ্শ দিয়া হৈছে।