ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহ বাগিছা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহন উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষার্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে বিনামুলীয়া পৰিবহন-সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে।
তেওঁ কয় যে এই পদক্ষেপে চাহ বাগিছা অঞ্চলত বাস কৰা উপান্ত আৰু দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পৰিবহন সুবিধা প্ৰদান কৰা হ’ব আৰু ই বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায় কৰিব। ৰাজ্যৰ ১১ খন জিলাত অহা বছৰৰ ৩১ মাৰ্চলৈ ৰূপায়িত হ’বলগীয়া এই আঁচনিৰ জৰিয়তে ১৯৮ খন বিদ্যালয়ৰ ৯ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব।
আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষটোত ৫,৪০০ টকাৰ আৰ্থইক সাহায্য প্ৰদান কৰা হ’ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহনৰ ব্যৱস্থা কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আঁচনিখন সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজ হৈ উঠিব।
তেওঁ কয় যে ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিছা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে।