শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ৰাজ্যত শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত উমৈহতীয়া সেৱা বিধি শীঘ্ৰে বলৱৎ কৰা হ’ব আৰু ৪ বছৰৰ ভিতৰত বিদ্যালয়সমূহৰ সকলো খালী শিক্ষকৰ পদ পূৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সদৰি কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি ৰাজ্যৰ বিভিন্ন শিক্ষক সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ সন্মিলিত শিক্ষক মঞ্চৰ তৃতীয় বাৰ্ষিক অধিৱেশনত ভাষণ দি এই কথা প্ৰকাশ কৰে। তেওঁ লগতে প্ৰাথমিক বিদ্যালয়ৰ পুনৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা আৰু প্ৰতিটো শিক্ষা বৰ্ষতে গুণোৎসৱ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। ডা০ পেগুৱে কয় যে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ পৰিৱেশ, শৈক্ষিক মান আৰু আন্তঃগাঁথনি উন্নত কৰিব পাৰিলেহে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে প্ৰতিযোগিতাত ফেৰ মাৰিব পাৰিব আৰু এইক্ষেত্ৰত শিক্ষকসকলে অধিক দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অনুপাত অনুসৰি শিক্ষক নিযুক্তি কৰা হয় বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পালে সেই অনুসৰি অতিৰিক্ত শিক্ষক পদ সৃষ্টি কৰি নতুন প্ৰজন্মৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিব পৰা যাব। তেওঁ কয়, যে ৰাজ্যত বৰ্তমান প্ৰতিখন বিদ্যালয়ত ৩২ শিক্ষার্থীৰ বিপৰীতে এগৰাকী শিক্ষকৰ অনুপাত বৰ্তাই ৰখাৰ চেষ্টা চলোৱা হৈছে। এই অনুপাত যাতে অধিক অৱনমিত নহয়, তাৰ প্ৰতিও চৰকাৰে বিশেষ গুৰুত্ব দিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ডা০ পেগুৱে কয় যে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ সৈতে সামঞ্জস্য ৰাখি শিক্ষকৰ নিযুক্তি নিশ্চিত কৰাটোৱে চৰকাৰৰ লক্ষ্য। তেওঁ লগতে ১৪ নৱেম্বৰত শিক্ষা বিভাগ প্ৰতিবাদী টে’ট শিক্ষকসকলৰ সৈতে আলোচনাত বহিব বুলি ঘোষণা কৰে।
Assamese | November 12, 2026 12:06 PM | Dr Ranuj pagu
ৰাজ্যত শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত উমৈহতীয়া সেৱা বিধি শীঘ্ৰে বলৱৎ কৰা হ’ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা