October 3, 2026 11:45 AM | Dr Ranuj pagu

printer

বন অধিকাৰ আইন ২০০৬ৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইৰ হিতাধিকাৰীসকলক ভূমিস্বত্ব পত্র প্রদান

বন অধিকাৰ আইন ২০০৬ৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইৰ যোগ্য হিতাধিকাৰীসকলক কালি ভূমিস্বত্ব পত্র প্রদান কৰা হয়। বিশ্বনাথ জিলাত শিক্ষা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলাখনৰ ৯৭ গৰাকী হিতাধিকাৰীক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰে। ইয়াৰ ভিতৰত গহপুৰ মহকুমাৰ ৫০ টা আৰু বিশ্বনাথ মহকুমাৰ ৪৭টা পৰিয়াল আছে।

গহপুৰৰ কনকলতা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডাঃ পেগুৱে ২০২৫ চনৰ জুলাইলৈকে জিলাখনত মুঠ ১১ হাজাৰ ৯১৩ টা পৰিয়ালক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰে।

উল্লেখযোগ্য যে, বিশ্বনাথ জিলাত বন অধিকাৰ আইন ২০০৬ৰ অধীনত ২১৪ খন বন অধিকাৰ সমিতি গঠন কৰা হৈছিল। ভূমিস্বত্ব পত্ৰৰ বাবে চিনাক্ত কৰা এহেজাৰ ৩০৬ টা পৰিয়ালৰ ভিতৰত কালি ৯৭ টা পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হয়। বাকী থকা এহেজাৰ ২০৯ টা পৰিয়ালক বন অধিকাৰৰ স্বীকৃতি প্ৰদানৰ প্ৰক্ৰিয়া অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।

কামৰূপ জিলাতো কালি ১৮ গৰাকী হিতাধিকাৰীক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰা হয়। শিঙৰা বনাঞ্চলৰ অন্তৰ্গত তিনিখন বন অধিকাৰ সমিতিৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা এই ১৮ খন স্বত্ব পত্ৰৰ ভিতৰত গোহালকোনা বুঢ়া-বুঢ়ি বন অধিকাৰ সমিতিৰ ১০ গৰাকী, সিজুবাৰী বন অধিকাৰ সমিতিৰ ৫ গৰাকী আৰু ভোগদাবাৰী বন অধিকাৰ সমিতিৰ ৩ গৰাকী হিতাধিকাৰীয়ে ভূমিস্বত্ব পত্ৰ লাভ কৰে।

কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড প্রশাসনিক মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত কার্যসূচীত ৬০ জন হিতাধিকাৰী আৰু ২০ টা সমুদায়ক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰা হয়। জিলা প্ৰশাসনৰ তথ্য অনুসৰি কোকৰাঝাৰৰ ১০৩ খন গাঁৱৰ মুঠ এহেজাৰ ৬৩ খন ভূমিস্বত্ব পত্ৰত অনুমোদন জনোৱা হৈছে।