শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ২০২৭-২৮ শিক্ষাবৰ্ষ আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ কাগজ ক্ৰয় মুদ্ৰণ, পৰিবহণ আৰু বিতৰণ সংক্রান্তীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিভিন্ন কাৰ্যসূচীৰ সময়সীমা, শিক্ষাসেতু, দৰ্পণ প’ৰ্টেল আদিৰ জৰিয়তে নামভৰ্তিৰ তথ্য, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় বিত্তীয় সাহায্য, নতুনকৈ প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহৰ মুদ্ৰণ ব্যয় তথা পাঠ্যপুথি সহজে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে ই-বুকৰ ব্যৱস্থাকে ধৰি অন্যান্য ডিজিটেল পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। ডাঃ পেগুৱে বিষয়াসকলক সকলো কাৰ্যসূচী নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ আৰু তথ্যভিত্তিক পৰিকল্পনাত স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়।
Assamese | June 10, 2026 6:38 PM | Dr Ranuj pagu
বিনামূলীয়া পাঠ্যপুথি সৰ্ন্দভ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক