ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই ঋণৰ নামত আবেদনকাৰীসকলৰ পৰা অবৈধ ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগত সম জাতীয়তাবাদী যুৱ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই ঋণৰ নামত আবেদনকাৰীসকলৰ পৰা অবৈধ ধন দাবী আৰু উৎকোচ লোৱাৰ অভিযোগ তুলি আজি অসম জাতীয়তাবাদী যুৱ পৰিষদে বিভাগটোৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

বিভাগটোত ঋণৰ ফাইল প্রস্তুত, প্রজেক্ট ৰিপোৰ্ট তৈয়াৰ, বেংকৰ ফাইল প্ৰেৰণ কৰাৰ নামত নিবনুৱা যুৱক-যুৱতীসকলৰ পৰা ৩ হাজাৰৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত উৎকোচ দাবী কৰি অহা বুলি সংগঠনটোৱে অভিযোগ কৰে।

সংগঠনটোৰ ভালেসংখ্যক সদস্যই এই প্রতিবাদী কাৰ্যসূচীত অংশ লয়।