June 5, 2026 12:27 PM | Dhemaji

printer

ধেমাজিত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু

ধেমাজি জিলাৰ জোনাইৰ লুহিজান গাঁৱত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতী মৃত্যুমুখত পৰে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে গাঁওখনৰ এটা পৰিয়ালৰ ভঁৰালৰ কাষত বিদ্যুস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় বুলি আকাশবাণী ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে পবা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত গাঁওখনলৈ অহা বনৰীয়া হাতীৰ জাকে বাৰীৰ শস্য খাই তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰা বুলি স্থানীয় ৰাইজে বন বিভাগক দীৰ্ঘদিন ধৰি অভিযোগ দাখিল কৰি অহাৰ পাছতো বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। এনে প্ৰেক্ষাপটত বন্যহস্তীৰ পৰা ৰক্ষা পাবলৈ গঞাই ভঁৰাল আৰু ঘৰৰ আশেপাশে বিদ্যুতৰ পোহৰৰ ব্যৱস্থা কৰি ল’বলগীয়া হৈছে। এনে ধৰণৰ বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি প্ৰায় ৫০ বছৰ বয়সীয়া দঁতাল হাতীটোৱে কৰুণভাৱে মৃত্যুক সাৱটি লয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।