ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডৰ মান ২০২৪-২৫ শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে

● ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডৰ মান ২০২৪-২৫ শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ তথ্যৰ আধাৰত শেহতীয়াকৈ প্ৰকাশ কৰা পাৰফর্মেন্‌ছ গ্রেডিং ইনডেক্স চমুকৈ পি জি আইৰ তালিকাত অসমৰ শিক্ষা বিভাগে পূৰ্বৰ ২৭ সংখ্যক স্থানৰ পৰা দ্বাদশ স্থানলৈ উন্নীত হৈছে।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে অহা দুবছৰৰ ভিতৰত ৰাজ্যৰ বিদ্যালয় শিক্ষা খণ্ডক দেশৰ ভিতৰত দশম স্থানলৈ উন্নীত কৰাৰ বাবে লক্ষ্য লৈ ইতিমধ্যে কাম-কাজ আৰম্ভ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এই তালিকাত চণ্ডীগড় প্ৰথম, পঞ্জাৱ দ্বিতীয় আৰু কেৰেলাম তৃতীয় স্থানত আছে। উল্লেখযোগ্য যে পুনৰ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰা ডাঃ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত কালি পৰ্যালোচনা বৈঠকত মিলিত হয়।

তেওঁ শিক্ষকৰ বদলিকৰণ প’ৰ্টেল আৰু শিক্ষা সেঁতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলিকৰণত বিলম্ব হ’ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। তেওঁ কয়, যে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অহা ২ আগষ্টত অসমতো লোকপিয়ল আৰম্ভ হ’ব।

১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে যাব। এইসকলৰ ভিতৰত শিক্ষকো আছে। ইয়াৰ বাবে শিক্ষকৰ বদলিকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে আলাপ-আলোচনামর্মে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ কয়। আনহাতে, ২০২৬-২৭ বৰ্ষত ৰাজ্যত পুনৰ গুণোৎসৱ অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে বাজেট ধাৰ্য কৰি প্ৰস্তুতি চলোৱা হৈছে বুলি শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়ে।