ৰাজ্যৰ মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

ৰাজ্যৰ মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব আৰু মহাবিদ্যালয়সমূহত শিক্ষক তথা আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰা হ’ব। গুৱাহাটীত কালি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে অনুষ্ঠিত বৈঠকত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰে।

তেওঁ কয়, যে মহাবিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম চলি থাকিব। স্নাতকোত্তৰ পৰ্যায়ৰ বাবে এতিয়াৰ পৰাই পৰিকল্পনা যুগুত কৰি পদক্ষেপ লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

যোৱা ২৩ মে’ত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমত সৃষ্টি হোৱা অচলাৱস্থাৰ সমাধান বিচাৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা পত্ৰৰ প্ৰত্যুত্তৰত অনুষ্ঠিত কালিৰ বৈঠকত সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য উপস্থিত থাকে।