ৰাজ্যত গ্রীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বদলিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব

ৰাজ্যত গ্রীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বদলিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS প’ৰ্টেলত বদলিকৰণৰ বাবে শিক্ষক শিক্ষয়িত্রীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া পহিলা জুলাইত আৰম্ভ হ’ব।

এই প্রক্রিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্র শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীর্ষ বিষয়াক সামৰি উচ্চ ক্ষমতা সম্পন্ন সমিতি গঠন কৰিছে আৰু এই সমিতিয়ে ১৫ জুলাইৰ ভিতৰত চলিত শিক্ষা বৰ্ষত বদলিকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিব।

 সূত্ৰৰ পৰা জানিব পৰা মতে ৩০ জুনৰ নিশা বদলিকৰণৰ বাবে আবেদন জনোৱা প’র্টেলটো বন্ধ হোৱাৰ পাছতে প্রাথমিক পৰ্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ আবেদনসমূহ প্রাথমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ’ব।

একেদৰে মাধ্যমিক পর্যায়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ আবেদনসমূহ মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ আৰু ঠিকা ভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ আবেদনসমূহ সমগ্র শিক্ষা অভিযানৰ পৰিচালন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ’ব। আবেদনসমূহ তন্ন তন্নকৈ নিৰীক্ষণৰ পাছত বদলিকৰণৰ বাবে যোগ্য শিক্ষক-শিক্ষয়িত্ৰীৰ তালিকা প্ৰকাশ কৰা হ’ব।