অহা বছৰৰ পৰা কৃতি শিক্ষক বাচনি প্রক্রিয়া সলনি কৰা হ’ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্রকাশ কৰে।
তেওঁ কয়, যে ৰাজ্যিক পৰ্যায়ৰ শিক্ষক বাচনিৰ বাবে এতিয়াৰে পৰা জিলা আয়ুক্তৰ অনুমোদনৰ প্ৰয়োজন হ’ব। তেওঁ কয়, যে বঁটাৰ বাবে আবেদন কৰা শিক্ষকে পাঠদানৰ বাণীবদ্ধ ৰূপো দাখিল কৰিব লাগিব। অহা শিক্ষাবৰ্ষৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে শিক্ষকসকল অকল ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ পথ প্রদর্শক নহয়, বৰং এখন সুস্থ, শিক্ষিত, শৃংখলাবদ্ধ আৰু মূল্যবোধ সম্পন্ন সমাজ গঢ়ি তোলাৰ অন্যতম চালিকা শক্তি। শিক্ষার্থীসকলৰ জ্ঞান, চৰিত্ৰ, নেতৃত্ব গুণ, দায়িত্ববোধ আৰু সামাজিক দয়বদ্ধতা বিকশিত কৰাৰ শিক্ষকসকলৰ ভূমিকা অতুলনীয় বুলি তেওঁ উল্লেখ কৰে।
একবিংশ শতিকাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি আধুনিক প্রযুক্তি আৰু নৱতম শিক্ষণ পদ্ধতি গ্রহণ কৰি শিক্ষাদানৰ মান অধিক উন্নত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ প্রতি আহ্বান জনায়। তেওঁ কয়, যে শিক্ষা ব্যৱস্থা অধিক উদ্ভাৱনমুখী, দক্ষতাভিত্তিক আৰু শিক্ষার্থীকেন্দ্ৰীক কৰি তোলাত শিক্ষক সমাজে অগ্রণী ভূমিকা পালন কৰিব লাগিব।