কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰীৰ পি এম শ্ৰী আঞ্চলিক হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে।
যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা অহা ১৭ অক্টোবৰলৈ ৰাজ্যত চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে এই অনুষ্ঠানত পি এম পোষণ আঁচনিৰ অধীনত নিয়োজিত ৰান্ধনি আৰু সহায়িকাসকলক চেক তথা প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।
ব্লক পৰ্যায়ৰ এই অনুষ্ঠানত মন্ত্ৰী পেগুৱে সেৱা সংকল্প অভিযানৰ উদ্দেশ্যৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ লগতে কেতবোৰ ব্যক্তিগত বিদ্যালয় সন্দৰ্ভত চৰকাৰী নিৰ্দেশনাৰ কথা উল্লেখ কৰে।
ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰিয়ে আজি তামুলপুৰ জিলাত সেৱা সংকল্প অভিযান আৰু সেৱা সেতু অভিযানৰ বিশেষ সেৱা শিবিৰ মুকলি কৰে।
জিলা আয়ুক্ত চিমি কৰণৰ উপস্থিতিত তামুলপুৰ দূৰ্গা মন্দিৰত হোৱা এই অনুষ্ঠানত মন্ত্ৰী শ্ৰী দৈমাৰীয়ে কয়, যে ৰাইজৰ পদূলিত চৰকাৰ মূল মন্ত্ৰৰে চৰকাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াই আহিছে।
তামুলপুৰ উন্নয়ন খণ্ডৰ সহযোগত আয়োজিত এই শিবিৰত অৰুণোদয়, আয়ুস্মান ভাৰত আৰু স্বাস্থ্য সেৱা পি এম কিষাণ সন্মান নিধি, পি এম সূৰ্য ঘৰ, নতুন ৰেচন কাৰ্ড, পি এম আবাস যোজনা, ই-শ্ৰম আৰু সামাজিক সুৰক্ষা বীমা যোজনাকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জন কল্যাণমূলক আঁচনিৰ পঞ্জীয়ন, আবেদন গ্ৰহণ আৰু তাৎক্ষণিক সমাধানৰ সুবিধা দিয়া হয়।
খণ্ড উন্নয়ন বিষয়া দেৱকুমাৰ বসুমতাৰীৰ তত্বাৱধানত আয়োজিত এই কার্যসূচীত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে জনসাধাৰণলৈ পোনপটীয়াকৈ সেৱা আগবঢ়ায়।