ৰাজ্যত আজিৰে পৰা জীৱিকা অভিযান-ভিবি-জী ৰামজী আঁচনি ৰূপায়ণ

ৰাজ্যত আজিৰে পৰা জীৱিকা অভিযান-ভিবি-জী ৰামজী আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য- প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয়, যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি ১২৫ দিনৰ নিশ্চিত কৰ্ম-সংস্থাপন প্রদানেৰে গ্ৰাম্য অৰ্থনীতি সৱল কৰাৰ লক্ষ্য লোৱা হৈছে।

তেওঁ কয়, যে কামৰ বাবে আবেদন, আৱণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষীপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ’ব।

শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নির্মাণ, জল সুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ বাবে ২,১৪৪ কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে ১ কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চিচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে।

চিৰাং জিলাতো আজি আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। চিৰাং জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত কাজলগাঁৱত থকা জিলা কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত বি টি চিৰ কাৰ্য্যবাহী সদস্য জেমছ বসুমতাৰী, পাৰিষদ, জিলা গ্রামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক, খণ্ড উন্নয়ন বিষয়াৰ লগতে বহু আন কেইবাগৰাকীও উচ্চ পৰ্য্যায়ৰ বিষয়া উপস্থিত থাকে।

কামৰূপ জিলাত আজি হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্রকাশ চন্দ্ৰ দাস, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ বল্লেপু কল্যাণ চক্ৰৱৰ্তী আৰু কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্রকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।