July 2, 2026 7:44 PM

views 23

ৰাজ্যত আজিৰে পৰা জীৱিকা অভিযান-ভিবি-জী ৰামজী আঁচনি ৰূপায়ণ

ৰাজ্যত আজিৰে পৰা জীৱিকা অভিযান-ভিবি-জী ৰামজী আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য- প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয়, যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি ১২৫ দিনৰ নিশ্চিত কৰ্ম-সংস্থাপন প্রদানেৰে গ্ৰাম্য অৰ্থনীতি সৱল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয়, যে কামৰ বাবে আবেদন, আৱণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষীপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচ...

July 1, 2026 12:41 PM

views 34

সমগ্ৰ দেশতে আজিৰে পৰা ভিবি জি ৰামজী আইন কার্যকৰী

সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অর্থাৎ ভিবি জি ৰামজী আইন কার্যকৰী হৈছে। গ্রামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত ১২৫ দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্রশস্ত হ'ব বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত ৯৫ হাজাৰ ৬৯২ কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰাম...