সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অর্থাৎ ভিবি জি ৰামজী আইন কার্যকৰী হৈছে।
গ্রামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত ১২৫ দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ’ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্রশস্ত হ’ব বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে।
এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত ৯৫ হাজাৰ ৬৯২ কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কর্মহীন হৈ থাকিব নালাগিব।
কেন্দ্রীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয়, বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
উল্লেখযোগ্য যে ভিবি জি ৰামজী আইন ২০০৫ চনৰ মহাত্মা গান্ধী গ্রামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে।