ৰাজ্যৰ ৩৯ হাজাৰ ৪১৫ খন বিদ্যালয়লৈ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে

ৰাজ্যৰ ৩৯ হাজাৰ ৪১৫ খন বিদ্যালয়লৈ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়সকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে।

এই নিৰ্দেশনা অনুসৰি এ পি ডি চি এলক বিদুৎ মাচুল পৰিশোধত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। মুঠ অনুদানৰ ১০ শতাংশ ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিকল্পনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে।

একেদৰে বিদ্যালয়সমূহক উচিত অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱাপানী, হাত ধোৱাৰ সুবিধা, পৰিৱেশ উন্নত কৰা আদি বিষয়ক লৈ স্বচ্ছতা কাৰ্য পৰিকল্পনা প্রস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সপ্তাহৰ যিকোনো এটা দিন স্বচ্ছতাৰ দিন হিচাপে নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে।