২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মার্চ-এপ্ৰিলত অনুষ্ঠিত হ’ব

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মার্চ-এপ্ৰিলত অনুষ্ঠিত হ’ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। কেৱল নিয়মীয়া শিক্ষার্থীয়েহে এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে।

ইপিনে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা অথবা উত্তীৰ্ণ হোৱাৰ পাছতো ফলাফল অধিক উন্নত কৰিব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে প্রথমবাৰৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰত এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি পৰিষদে ঘোষণা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।