চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰিছে

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে।

শেহতীয়াকৈ শিক্ষা বিভাগৰ নামত সামাজিক মাধ্যম আৰু কেতবোৰ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পাছতেই বিদ্যালয় শিক্ষা বিভাগে এটা জাননীযোগে সংবাদ মাধ্যমত প্ৰকাশিত এনে বাতৰি সত্য নহয় বুলি উল্লেখ কৰিছে।

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অভিভাৱক আৰু নাগৰিকসকলে বিদ্যালয়সমূহলৈ গৈ গঠনমূলক পৰামৰ্শ আগবঢ়াব পাৰে।

অৱশ্যে নিয়মীয়া পাঠদানত ব্যাঘাত নজন্মোৱাকৈ বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ অক্ষুণ্ণ ৰখাটো সকলোৰে দায়িত্ব বুলি ডাঃ পেগুৱে উল্লেখ কৰে।

ইতিমধ্যে বিদ্যালয় পৰিদৰ্শকৰ নাম আৰু পদবী ব্যৱহাৰ কৰি অনুমোদনবিহীন বাৰ্তা প্ৰচাৰ কৰাৰ অভিযোগত নুৰুল হুছেইন নামৰ এজন চি আৰ চি চিক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।