অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন প’ৰ্টেল পুনৰ মুকলি কৰিছে।
এই প’ৰ্টেলটো ৭ জুলাই পর্যন্ত মুকলি থাকিব আৰু ৯ জুলাই পর্যন্ত পঞ্জীয়নৰ মাচুল আদায় দিব পৰা যাব।
বাদ পৰি যোৱা সকলো ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সকলো বিদ্যালয়ক নিৰ্দেশ দিছে।
৭ জুলাইৰ পাছত কোনো ছাত্ৰ-ছাত্ৰীক নাম পঞ্জীয়ন কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে।