প্রাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ ১৪ দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে।
উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা ১০ আগষ্টত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই অনুসৰি লোকপিয়লৰ কামত নিয়োজিত একাংশ শিক্ষকেও বদলিৰ নিৰ্দেশনা লাভ কৰিছিল।
কিন্তু এই কামত জড়িত বিষয়া-কৰ্মচাৰীৰ বদলিকৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে বন্ধ কৰি থোৱাত সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত নতুন স্থানত যোগদান কৰাত তেওঁলোক ব্যর্থ হয়।
এই বিষয়টো লৈ শিক্ষকসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে আজি প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এটা নিৰ্দেশযোগে পূৰ্বৰ চৰ্ত প্ৰত্যাহাৰ কৰি অধিসূচনা জাৰি কৰে।