● ৰাজ্য চৰকাৰে চাহ শ্রমিকক বোনাচ আদায় দিয়াক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। শ্রমিক কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্যসচিব জে বি এক্কাই কালি প্ৰতিখন জিলা আয়ুক্তলৈ জাৰি কৰা নিৰ্দেশনাত সমাগত দুর্গা পূজাৰ প্ৰতি লক্ষা ৰাখি ১০ ছেপ্তেম্বৰৰ পূৰ্বে চাহ শ্রমিকক বোনাচ আদায় দিয়াটো সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি কিমান পৰিমাণৰ বা কি হাৰত বোনাচ আদায় দিয়া হ’ব এই সন্দৰ্ভত ৩১ আগষ্টৰ ভিতৰত ঘোষণাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। বিত্তীয় বৰ্ষ সমাপ্তিৰ ৮ মাহৰ ভিতৰত শ্ৰমিকক আইনগত বোনাচ আদায় দিব লাগে আৰু ৰাজ্যত দুৰ্গা পূজাৰ আগতে বোনাচ আদায় দিয়াটো প্ৰচলিত পৰম্পৰা। এইবেলি ছেপ্তেম্বৰৰ শেষৰ পিনে দুর্গা পূজা আৰম্ভ হ’ব। এনে প্ৰেক্ষাপটত চাহ বাগিচা কৰ্তৃপক্ষক বাৰ্ষিক বেলেঞ্চ চীট আৰু আইন অনুসৰি বোনাচৰ পৰিমাণ চূড়ান্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। চাব বাগিচা কর্তৃপক্ষই যাতে নীতি নিয়ম আৰু যাৱতীয় ব্যৱস্থা অনুসৰণ কৰে আৰু শ্ৰমিকসকলে সময়মতে চলিত বৰ্ষৰ বোনাচ লাভ কৰে তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়া হৈছে।
Assamese | August 3, 2025 11:09 AM | Assam Government | Assam Tea Garden | Tea Garden | Tea Workers
চাহ শ্রমিকক বোনাচ আদায় দিয়াক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা