July 6, 2026 7:41 PM

views 4

চাহ শ্রমিক ভূমি অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ ২০৬খন চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত ২৮,৮৩১খন ভূমি পট্টা বিতৰণ

চাহ শ্রমিক ভূমি অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ ২০৬খন চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত ২৮,৮৩১খন ভূমি পট্টা বিতৰণ কৰা হৈছে। দ্বিতীয় পৰ্যায়ত ১ লাখ ১৪ হাজাৰ পৰিয়ালক পট্টা দিয়াৰ বাবে জৰীপ চলি আছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিবেশনত আজি কংগ্ৰেছৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই কথা সদৰি কৰে। বিজেপি বিধায়ক সঞ্জয় কিযাণৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৰ্তমান ৰাজ্যত দুখন চাহ বাগিচা বন্ধ হৈ থকা বুলি মন্ত্ৰী তেলীয়ে উত্তৰ দিয়ে।

August 21, 2025 7:21 PM

views 66

চাহ বাগিচাৰ শ্ৰমিকসকলে অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানছ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্রশাসনে নিৰ্দেশনা

চাহ বাগিচাৰ শ্ৰমিকসকলে অহা ১০ ছেপ্তেম্বৰৰ ভিতৰত দুৰ্গা পূজাৰ বানছ লাভ কৰিব লাগিব বুলি কাছাৰ জিলা প্রশাসনে নিৰ্দেশনা জাৰি কৰিছে। কাছাৰ জিলা আয়ুক্ত মৃদুল যাদৱৰ নেতৃত্বত আজি অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে। বাগিচাসমূহৰ কৰ্তৃপক্ষই অহা ৩১ আগষ্টৰ ভিতৰত বানছ ঘোষণা কৰিব লাগিব বুলি জিলা প্রশাসনে নির্দেশ দিছে। ঘোষিত বানছ যোৱা বছৰৰ তুলনাত কম হ'ব নোৱাৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে সভাত স্পষ্ট কৰি দিয়ে। চাহ শ্রমিকসকলে সময়মতে কোনো সমস্যা নোহোৱাকৈ বানছ লাভ কৰিবলৈ সকলো পক্ষকে একেলগে কাম কৰিবল...

August 3, 2025 11:09 AM

views 75

চাহ শ্রমিকক বোনাচ আদায় দিয়াক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা

● ৰাজ্য চৰকাৰে চাহ শ্রমিকক বোনাচ আদায় দিয়াক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। শ্রমিক কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্যসচিব জে বি এক্কাই কালি প্ৰতিখন জিলা আয়ুক্তলৈ জাৰি কৰা নিৰ্দেশনাত সমাগত দুর্গা পূজাৰ প্ৰতি লক্ষা ৰাখি ১০ ছেপ্তেম্বৰৰ পূৰ্বে চাহ শ্রমিকক বোনাচ আদায় দিয়াটো সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি কিমান পৰিমাণৰ বা কি হাৰত বোনাচ আদায় দিয়া হ'ব এই সন্দৰ্ভত ৩১ আগষ্টৰ ভিতৰত ঘোষণাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। বিত্তীয় বৰ্ষ সমাপ্তিৰ ৮ মাহৰ ভিতৰত শ্ৰমিকক আইনগত বোনাচ আদায়...

August 1, 2025 6:36 PM

views 57

ৰাজ্যত জুন মাহত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস

ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস পাইছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে এনে হোৱা বুলি কোৱা হৈছে। ভাৰতীয় চাহ সংস্থাৰ অসম শাখাৰ সচিব মাধুৰ্য বৰুৱাই কালি কয়, যে জুলাইত ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ৩০ৰ পৰা ৪০ শতাংশ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত অনাগত সময়ত চাহৰ উৎপাদন আৰু হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ সর্বেশ চহৰীয়াই চাহ উদ্যোগৰ বাবে পৰিস্থিতি উদ্বেগজনক হৈ পৰা বুলি প্ৰকাশ কৰিছে। অধিক চাহ উৎপাদন হোৱা উজনি অসমৰ পানীতোলা, টেঙাখাত আৰু ডুমডুমাৰ দৰে এ...

June 3, 2025 8:06 PM

views 68

অসিৎপুৰ চাহ বাগিচাত বাগিচাখনৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ অসিৎপুৰ চাহ বাগিচাত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাগিচাখনৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ নেতা-কৰ্মীসকলৰ উপৰি ভালেসংখ্যক চাহ শ্রমিকে অংশগ্রহণ কৰে। সংগঠনটোৱে টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ বাগিচাখনৰ সমস্যা সমাধানৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

September 14, 2024 11:00 AM

views 66

আজি চাহ জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ কৰম পৰৱ

■ ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি কৃষিভিত্তিক উৎসৱ কৰম পৰৱ পালন কৰিব। এই উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পৰৱে সকলোৰে জীৱন সুখ-সমৃদ্ধি আৰু আনন্দৰে পৰিপূৰ্ণ কৰি তুলিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। প্ৰকৃতিৰ সৈতে নিবিড় সম্পর্ক থকা এই উৎসৱত চাহ জনগোষ্ঠীৰ লোকসকলে ঝুমুৰ নৃত্য-গীত গাই ৰং-ৰহইচ আৰু গছ পূজাৰ লগতে শস্য-পথাৰ সেউজীয়া হোৱাৰ মানসেৰে পূজা-পাতল কৰে।