চাহ শ্রমিক ভূমি অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ ২০৬খন চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত ২৮,৮৩১খন ভূমি পট্টা বিতৰণ

চাহ শ্রমিক ভূমি অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ ২০৬খন চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত ২৮,৮৩১খন ভূমি পট্টা বিতৰণ কৰা হৈছে। দ্বিতীয় পৰ্যায়ত ১ লাখ ১৪ হাজাৰ পৰিয়ালক পট্টা দিয়াৰ বাবে জৰীপ চলি আছে।

ষোড়শ অসম বিধানসভাৰ বাজেট অধিবেশনত আজি কংগ্ৰেছৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই কথা সদৰি কৰে।

বিজেপি বিধায়ক সঞ্জয় কিযাণৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৰ্তমান ৰাজ্যত দুখন চাহ বাগিচা বন্ধ হৈ থকা বুলি মন্ত্ৰী তেলীয়ে উত্তৰ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।