প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনজাতি উন্নয়ন পদক্ষেপৰ দেশজোৰা কাৰ্যসূচীৰ অংশ হিচাপে কাইলৈ আইজলৰ সমীপৰ কেলছিহত ৰ’পুইলিয়ানী জনজাতি স্বাধীনতা সংগ্রামী সংগ্ৰহালয় ভার্চুৱেলি উদ্বোধন কৰিব। জনজাতি গৱেষণা প্রতিষ্ঠানত স্থাপিত এই সংগ্রহালয়টো জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ কেইবাটাও প্ৰকল্পৰ ভিতৰত অন্যতম। উল্লেখযোগ্য যে ৰ’পুইলিয়ানী আছিল এগৰাকী বিশিষ্ট মিজো মুখীয়াল আৰু লুছাই পাহাৰত ব্রিটিছ ঔপনিৱেশিক শাসনক প্রতিহত কৰা আদিম জনজাতীয় নেতাসকলৰ ভিতৰত অন্যতম। স্বামী ভাণ্ডুলাৰ মৃত্যুৰ পিছত তেওঁ ডেনলুঙৰ এগৰাকী শক্তিশালী ৰাজনৈতিক নেত্রী হিচাপে আত্মপ্রকাশ কৰে। ৰ’পুইলিয়ানীয়ে ব্ৰিটিছসকলৰ কর্তৃত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে কৰ আৰু বলপূর্বক শ্ৰমৰ বিৰোধিতা কৰিছিল আৰু মিজো গাঁৱৰ ওপৰত প্ৰশাসনিক নিয়ন্ত্ৰণ বৃদ্ধিৰ ক্ষেত্ৰত ব্ৰিটিছৰ প্ৰচেষ্টাৰ বিৰোধিতা কৰিছিল।
Assamese | November 14, 2026 11:50 AM | PM-Aizawl
আইজলৰ কেলছিহত ৰ’পুইলিয়ানী জনজাতি স্বাধীনতা সংগ্রামী সংগ্ৰহালয় কাইলৈ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে