June 22, 2026 6:20 PM | Assam Assembly

printer

অসম বিধানসভা সচিবালয়ৰ বিধানসভালৈ নিৰ্বাচিত বিধায়কৰ প্ৰশিক্ষণ ব্যৱস্থা

অসম বিধানসভা সচিবালয়ে পোনপ্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত ৪৭গৰাকী বিধায়কৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অহা ৪ আৰু ৫ জুলাইত গোপীনাথ বৰদলৈ ভৱনত এই প্ৰশিক্ষণ অনুষ্ঠিত হ’ব। এই বিষয়ে সদৰি কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয়, যে অসম বিধানসভাত থকা সকলো গুৰুত্বপূৰ্ণ বিষয় সামৰি দুদিনীয়াকৈ নতুন বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণত নতুন বিধায়কসকলৰ লগতে পুৰণি বিধায়কসকলেও অংশগ্ৰহণ কৰিব পাৰিব। প্ৰশিক্ষণ কাৰ্যসূচীত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড০ সমুদ্র গুপ্ত কাশ্যপ, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামী, প্রাক্তন উপাধ্যক্ষ নোমল মমিনকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিক নিমন্ত্ৰণ জনোৱা বুলি অধ্যক্ষ দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে, অসম বিধানসভাৰ বাজেট অধিবেশন অহা ৬ জুলাইৰ পৰা আৰম্ভ হ’ব। একেদৰে, ১০জুলাইত অসম বিধানসভাৰ মজিয়াত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হ’ব। সমাগত বাজেট অধিবেশনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভা সচিবালয়ে নতুনকৈ নিৰ্বাচিত হোৱা বিধায়কসকলৰ বাবে এই প্ৰশিক্ষণ ব্যৱস্থা কৰিছে। অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে আজি বিধানসভাৰ সদস্য হিচাপে শপতগ্ৰহণ কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধায়ক আজমলক শপতবাক্য পাঠ কৰোৱায়। অধ্যক্ষৰ কাৰ্যালয়ৰ আলোচনাৰ কক্ষত আয়োজিত শপতগ্রহণ অনুষ্ঠানটি অসম বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিব ৰাজীৱ ভট্টাচাৰ্য্যই পৰিচালনা কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।