ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰিয়া সমষ্টিতো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ’ব।

বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বন বিভাগে চোৱাচিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শ‍ইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজ ভূমি সংৰক্ষণ সন্দৰ্ভত প্ৰকাশ কৰে।

উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়ক গৰাকীৰ প্ৰশ্ন উত্তৰত বন মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্রব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে।

ভাৰতীয় প্ৰতিনিধিদলৰ নেতৃত্বত থকা মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্রধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয়, যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্রব্যসমূহৰ অপব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত বাবে ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ’ব লাগিব। তেওঁ ডার্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদকদ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে৷

ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ মাজত মাদকদ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ কাইলৈ সামৰণি পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।