October 23, 2026 6:31 PM
5
বন বিভাগৰ প্ৰশাসনিক ব্যৱস্থাক অধিক স্বচ্ছ, নিকা আৰু দক্ষ কৰি তোলাৰ লক্ষ্যৰে কৰ্মচাৰী বদলিকৰণৰ অনলাইন ৰেণ্ডমাইজেছন ব্যৱস্থা মুকলি
বন বিভাগৰ প্ৰশাসনিক ব্যৱস্থাক অধিক স্বচ্ছ, নিকা আৰু দক্ষ কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰ্মচাৰী বদলিকৰণৰ অনলাইন ৰেণ্ডমাইজেছন ব্যৱস্থা মুকলি কৰে। এই ব্যৱস্থাৰ জৰিয়তে বন বিভাগৰ উপ ৰেঞ্জাৰ, বন বিষয়া, বন কর্মী, নিৰ্দিষ্ট দৰমহাৰ কৰ্মচাৰী আৰু বন পহৰাদাৰীকে ধৰি ২,১৩৭ গৰাকী যোগ্য কৰ্মচাৰীক সামৰি লোৱা হৈছে। এই ব্যৱস্থাই বদলিকৰণ প্ৰক্ৰিয়াত স্বচ্ছতা আৰু ন্যায্যতা নিশ্চিত কৰাৰ উপৰি বিভাগীয় কামকাজত দক্ষতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ...