September 7, 2026 12:49 PM

views 32

ৰাজ্য চৰকাৰে ৫৩৪ কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিবঃ জয়ন্ত মল্লবৰুৱা

বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে ৫৩৪ কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয়, যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ২৩৫ হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰকল্পটোৰ বিষয়ে...

July 8, 2026 1:43 PM

views 22

সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালি গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ঐতিহাসিক খুদিমাৰী গাঁৱৰ দুর্গামন্দিৰ প্ৰাংগণত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ধুবুৰী বন বিভাগৰ বন সংমণ্ডল বিষয়া গোলাপ বনিয়াৰ লগতে বিভাগটোৰ কেইবাগৰাকী বনকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। কার্যসূচীৰ আৰম্ভণিতে মন্দিৰ প্ৰাংগণৰ চৌপাশে বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ গছৰ পুলি ৰোপণ কৰা হয়। ইয়াৰ পাছত উপস্থিত ৰাইজৰ মাজত মূল্যবান গছপুলি বিতৰণ ...

July 6, 2026 6:23 PM

views 23

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰিয়া সমষ্টিতো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বন বিভাগে চোৱাচিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শ‍ইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্...

July 4, 2026 7:03 PM

views 26

যোৰহাটৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকীক আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে

যোৰহাট জিলাৰ পুৰণিমাটি চাহ বাগিছা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰফুটুকী আজি বন বিভাগে পিঞ্জৰাত আৱদ্ধ কৰে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে, অঞ্চলটোত কিছুদিন ধৰি নাহৰফুটুকীয়ে অবাধ বিচৰণ কৰাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ-জন্তু আক্রমণ কৰি আহিছিল। ইয়াৰ পাছতে বন বিভাগে যোৱা ২৭ জুনত অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰে। বন বিভাগে জনোৱা মতে, আজি আৱদ্ধ হোৱা বাঘটো স্বাস্থ্য পৰীক্ষাৰ অন্তত নিৰাপদ বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব।

July 1, 2026 12:45 PM

views 32

ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৭ জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন

ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৭ জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সাংস্কৃতিক, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰায়ো বন মহোৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছাবাণীত মন্ত্ৰী শ্ৰীবৰাই কয়, যে বন মহোৎসৱ হৈছে আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ বৈচিত্ৰ্যত অনুধাৱন কৰাৰ বাবে উদযাপিত এটা বিশেষ দিন। পৰিৱেশ, সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ্য আৰু ভূমি সংৰক্ষণৰ ...

August 5, 2025 11:28 AM

views 85

গড়ভঙাক ৰাজ্য চৰকাৰে অভয়াৰণ্যৰ পৰা সংৰক্ষিত বনাঞ্চললৈ অবনমিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি গ্ৰহণ

■ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙাক ৰাজ্য চৰকাৰে অভয়াৰণ্যৰ পৰা সংৰক্ষিত বনাঞ্চললৈ অবনমিত কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এখন ৰাজহুৱা স্বার্থজৰিত আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত চৰকাৰক বিতং শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। কালি ন্যায়ালয়ত গোচৰটো সন্দৰ্ভত ৰাজ্যৰ বন বিভাগে এখন শপতনামা দাখিল কৰে যদিও ন্যায়াধীশে এই শপতনামাত অসন্তুষ্টি ব্যক্ত কৰি পুনৰ বিস্তৃতভাৱে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ২০২২ চনৰ ২৮ ম...

August 4, 2025 6:22 PM

views 88

গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ দখলকাৰীৰ কৱলত প্ৰায় ৪,২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অসম চৰকাৰলৈ নিৰ্দেশ

  ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰীৰ কৱলত থকা প্ৰায় ৪ হাজাৰ ২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কিছুদিন পূর্বে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বৃহৎ পৰিমাণৰ ভূমি দখলকাৰীৰ কৱলত আছে বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত প্রতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে কামৰূপ মহানগৰ জিলাৰ ১২ খন সংৰক্ষিত বনাঞ্চলৰ ৮ খনৰ বৃহৎ পৰিমাণৰ ভূমি অবৈধভাৱে দখল কৰা হৈছে। ইয়াৰ ভি...

December 9, 2024 1:43 PM

views 70

চিৰাং জিলাৰ ঝাৰবিষপানীত বন বিভাগৰ অভিযানত বন্য জন্তুৰ অংগ-প্রত্যংগসহ এজন লোকক গ্ৰেপ্তাৰ

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ঝাৰবিষপানীত কালি বন বিভাগৰ দলে অভিযান চলাই বন্য জন্তুৰ অংগ-প্রত্যংগসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। বন বিভাগৰ দলটোৱে বাসুদেৱ ৰায় নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ বাসগৃহৰ পৰা নাহৰফুটুকীৰ হাৰ, হৰিণাৰ শিং আদি জব্দ কৰি ফৰেণচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বন্যজন্তুৰ অংগ- প্ৰত্যংগ সৰবৰাহত জড়িত আন এজন লোকক বিচাৰি বন বিভাগৰ দলটোৱে অভিযান অব্যাহত ৰাখিছে।