বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ হকে ৰাজ্য চৰকাৰে ৫৩৪ কোটি টকা বিনিয়োগেৰে ডিব্ৰুগড় জিলাত বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিব বুলি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে।
মন্ত্ৰীগৰাকীয়ে কালি টিংখঙত সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰে। তেওঁ কয়, যে ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত নামদাং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ২৩৫ হেক্টৰ ভূমিত এই বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব।
প্ৰকল্পটোৰ বিষয়ে সবিশেষ প্রকাশ কৰি তেওঁ কয়, যে প্রথম পর্যায়ত ২৫৯ কোটি টকা ব্যয় সাপেক্ষে বাঘ, গঁড়, নাহৰফুটুকী আৰু ভালুকৰ বাবে বিশেষ আবেষ্টনী, পশু চিকিৎসালয় আৰু উদ্ধাৰ কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। দ্বিতীয় পৰ্যায়ত ২৭৫ কোটি টকা ব্যয় সাপেক্ষে এছিয়াটিক সিংহ, চিতাবাঘ, জেব্রা আৰু জলহস্তীৰ বাবে আবেষ্টনীৰ লগতে উন্নত গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব বুলি শ্ৰীমল্লবৰুৱাই প্ৰকাশ কৰে। তেওঁ কয়, যে লোকনিৰ্মাণ বিভাগে মুঠ ৫৩৪ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্প গঢ়ি তুলিব।
এই অভিলাষী প্রকল্পই বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ প্ৰসাৰৰ লগতে স্থানীয় যুৱক-যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে ৷