সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালি গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ঐতিহাসিক খুদিমাৰী গাঁৱৰ দুর্গামন্দিৰ প্ৰাংগণত এই কাৰ্যসূচী অনুষ্ঠিত হয়।

অনুষ্ঠানত ধুবুৰী বন বিভাগৰ বন সংমণ্ডল বিষয়া গোলাপ বনিয়াৰ লগতে বিভাগটোৰ কেইবাগৰাকী বনকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে।

কার্যসূচীৰ আৰম্ভণিতে মন্দিৰ প্ৰাংগণৰ চৌপাশে বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ গছৰ পুলি ৰোপণ কৰা হয়। ইয়াৰ পাছত উপস্থিত ৰাইজৰ মাজত মূল্যবান গছপুলি বিতৰণ কৰি তাৰ প্ৰতিপালনৰ বাবে সেউজ শপত ল’বলৈ আহ্বান জনোৱা হয়।

এই অনুষ্ঠানত ধুবুৰী বন সংমণ্ডল বিষয়া গোলাপ বনিয়াই প্ৰতিগৰাকী নাগৰিককে জীৱনৰ বিশেষ দিনসমূহ গছপুলি ৰোপণেৰে উদযাপন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে যোৱা ১ জুলাইৰ আৰম্ভ হোৱা ৭৭ সংখ্যক বন মহোৎসৱৰ কালি সামৰণি পৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।