October 31, 2026 1:01 PM

views 12

ধুবুৰীত জিলা আৰক্ষীৰ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অভিযানত ৩৬ জন বাংলাদেশী নাগৰিক আটক

অসমৰ ধুবুৰী জিলা আৰক্ষীয়ে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অভিযান চলাই কালি যোগমায়া ঘাটৰ পৰা ৩৬ জন বাংলাদেশী নাগৰিকক আটক কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে এই লোকসকলে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পৰা এখন যন্ত্রচালিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ধুবুৰীৰ যোগমায়া ঘাটত উপস্থিত হৈছিল। আৰক্ষীয়ে বাংলাদেশী লোককেইজনক সোধাপোছাৰ বাবে ধুবুৰী আৰক্ষী থানালৈ লৈ যায়। আৰক্ষীয়ে লোককেইজনৰ হাতত ভাৰতত প্ৰৱেশৰ বৈধ নঠিপত্ৰ আছেনে নে নাই পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ প্ৰকৃত পৰিচয় আৰু যাত্ৰাৰ উদ্দেশ্যকে ধৰি সকলো দিশ ...

October 30, 2026 9:03 PM

views 21

ধুবুৰীৰ যোগমায়া ঘাটৰ পৰা ৩৬ জন বাংলাদেশী নাগৰিকক আটক

ধুবুৰী আৰক্ষীয়ে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অভিযান চলাই আজি যোগমায়া ঘাটৰ পৰা ৩৬ জন বাংলাদেশী নাগৰিকক আটক কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে এই লোকসকলে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পৰা এখন যন্ত্রচালিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ধুবুৰীৰ যোগমায়া ঘাটত উপস্থিত হৈছিল। আৰক্ষীয়ে বাংলাদেশী লোককেইজনক সোধাপোছাৰ বাবে ধুবুৰী আৰক্ষী থানালৈ লৈ যায়। আৰক্ষীয়ে লোককেইজনৰ হাতত ভাৰতত প্ৰৱেশৰ বৈধ নঠিপত্র আছেনে নে নাই পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ প্ৰকৃত পৰিচয় আৰু যাত্ৰাৰ উদ্দেশ্যকে ধৰি সকলো দিশ সামৰি তদন্ত...

October 7, 2026 8:34 PM

views 15

ধুবুৰী আৰক্ষীয়ে চলিত বছৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন

ধুবুৰী আৰক্ষীয়ে চলিত বছৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই সফলতা অৰ্জন কৰিছে। ধুবুৰী আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত অভিযান চলাই ৯ কোটি টকা মূল্যৰ বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্রী উদ্ধাৰ কৰা হৈছে। অভিযানকালত বিভিন্ন অঞ্চলৰ পৰা ৩৮০টা মাদক দ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২২৫টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ লগতে মাদক দ্রব্য সৰবৰাহত ব্যৱহৃত ৫৫ খন বাহন জব্দ কৰা হৈছে বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাই প্ৰকাশ কৰিছে।

July 8, 2026 1:43 PM

views 34

সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালি গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ঐতিহাসিক খুদিমাৰী গাঁৱৰ দুর্গামন্দিৰ প্ৰাংগণত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ধুবুৰী বন বিভাগৰ বন সংমণ্ডল বিষয়া গোলাপ বনিয়াৰ লগতে বিভাগটোৰ কেইবাগৰাকী বনকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। কার্যসূচীৰ আৰম্ভণিতে মন্দিৰ প্ৰাংগণৰ চৌপাশে বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ গছৰ পুলি ৰোপণ কৰা হয়। ইয়াৰ পাছত উপস্থিত ৰাইজৰ মাজত মূল্যবান গছপুলি বিতৰণ ...

June 12, 2026 7:49 PM

views 62

অভিভাৱক মন্ত্ৰী দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংহলৰ ধুবুৰী জিলা পৰিদৰ্শন

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংহলে আজি ধুবুৰী জিলা পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়। জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত মেঘা নিধি দাহালে এই বৈঠকত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ধুবুৰী জিলাখন বানপানীত প্ৰতি বছৰে ক্ষতিগ্রস্ত হয় ব...

December 18, 2025 6:43 PM

views 52

ধুবুৰীত আজি ভাৰতীয় নৃকূল গ্রন্থাগাৰ সংস্থাৰ অষ্টম প্রতিষ্ঠা দিৱস পালন

২০১৮ চনৰ ১৮ ডিচেম্বৰত মধুপুৰ সত্ৰত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় নৃকূল গ্রন্থাগাৰ সংস্থাৰ অষ্টম প্রতিষ্ঠা দিৱস আজি ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ বাৰ্ষি গাঁৱৰ নামঘৰত পালন কৰা হয়। সাঁচীপাত, তুলাপাত, তালপাত আদি লিখিত পুথি নাইবা তথ্য আদি সুসংৰক্ষণৰ লক্ষ্যৰে নূকূল গ্রন্থাগাৰ সংস্থাই নামঘৰ, সত্ৰ, শিক্ষানুষ্ঠান আদিত এনে সম্পদৰাজিৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। সংস্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নামঘৰ প্ৰাংগনত সাঁচী গছৰ পুলি ৰোপণ কৰা হয়।

December 16, 2025 7:45 PM

views 69

ধুবুৰীত সুৰক্ষিত শৈশৱ সোণালী অসম শীর্ষক ৯০ দিনীয়া শিশু সুৰক্ষা অভিযানৰ উদ্বোধন

ধুবুৰীত আজি জিলা শিশু সুৰক্ষা গোট, মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত সুৰক্ষিত শৈশৱ সোণালী অসম শীর্ষক ৯০ দিনীয়া শিশু সুৰক্ষা অভিযানৰ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা শিশু সুৰক্ষা গোট আৰু ধুবুৰী জিলা প্রশাসনৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত শিশুৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। এই কার্যসূচীত উপস্থিত থকা অধিবক্তাসকলে শিশু সুৰক্ষা আৰু শিশু অধিকাৰৰ বিভিন্ন আইন, পকচ' আইন, শিশু নির্যাতন, বাল্য বিবাহ, শিশু শ্রমিক আদি সন্দর্ভত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্রযোজ্...

November 22, 2025 8:29 PM

views 72

ধুবুৰীত কাইলৈৰ পৰা ২৫ নৱেম্বৰলৈকে শ্রীগুৰু টেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক ছহিদ দিৱস পালন

ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্ধাৰ গুৰু টেগ বাহাদুৰ চাহিবজীত কাইলৈৰ পৰা ২৫ নৱেম্বৰলৈকে ৩ দিনীয়া কাৰ্যসূচীৰে শিখ ধর্মাৱলম্বি লোকসকলৰ নৱম গুৰু শ্রীগুৰু টেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক ছহিদ দিৱস পালন কৰা হ'ব। এই দিৱস উপলক্ষে ভাৰতীয় ৰে'ল বিভাগে যাত্ৰীৰ সুবিধা হোৱাকৈ ডিব্ৰুগড় ধুবুৰী, ৰায়পুৰ ধুবুৰী আৰু কলকাতা-ধুবুৰীৰ মাজত তিনিখন বিশেষ ৰেলৰ ব্যৱস্থা কৰা বুলি ৰে'ল বিভাগৰ তথ্যই সদৰি কৰিছে।

July 18, 2025 1:27 PM

views 69

গৌৰীপুৰত আৰক্ষী অভিযানত মাদক দ্রব্য জব্দ কৰাৰ লগতে ২ সৰবৰাহকাৰীক আটক

■ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে কালি অভিযান চলাই বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰৰ ডুমৰদহৰ ঠেংমেলা হাটত কালি বিয়লি চলোৱা অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰৰ লগতে আঠটা ম'বাইল ফোন, দুখন মটৰ চাইকেল আৰু অন্যান্য সামগ্রী জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত সৰবৰাহকাৰী দুজনে দীৰ্ঘদিন ধৰি মাদক দ্রব্য সৰবৰাহ কৰি অহাৰ অভিযোগ আছে। আৰক্ষীয়ে লোক দুজনক থানালৈ নি সোধাপোছা কৰি আছে। ইপিনে, মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীয়ে যোৱানিশা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপ...

June 14, 2025 6:33 PM

views 71

গো-মাংসকেন্দ্ৰিক ঘটনাৰ বাবে ধুবুৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩৮জন লোকক আটক

ধুবুৰীত গো-মাংসকেন্দ্ৰিক ঘটনাৰ বাবে আৰক্ষীয়ে যোৱা নিশা সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩৮জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰীয়ে ধুবুৰীৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে কালি আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাই জিলাখনৰ সকলো দাগী অপৰাধীকো গ্ৰেপ্তাৰ কৰাৰ বাবে নির্দেশ দিছিল। জিলাখনত যোৱা কেইবামাহ মান ধৰি পশ্চিমবংগৰ পৰা দৈনিক গোপন পথেৰে নিষিদ্ধ গো-মাংস কঢ়িয়াই অনাৰ তথ্য প্রকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনে গো-মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ দিছিল। উল্লেখযোগ্য যে...