ধুবুৰীৰ যোগমায়া ঘাটৰ পৰা ৩৬ জন বাংলাদেশী নাগৰিকক আটক

ধুবুৰী আৰক্ষীয়ে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অভিযান চলাই আজি যোগমায়া ঘাটৰ পৰা ৩৬ জন বাংলাদেশী নাগৰিকক আটক কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে এই লোকসকলে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পৰা এখন যন্ত্রচালিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ধুবুৰীৰ যোগমায়া ঘাটত উপস্থিত হৈছিল।

আৰক্ষীয়ে বাংলাদেশী লোককেইজনক সোধাপোছাৰ বাবে ধুবুৰী আৰক্ষী থানালৈ লৈ যায়। আৰক্ষীয়ে লোককেইজনৰ হাতত ভাৰতত প্ৰৱেশৰ বৈধ নঠিপত্র আছেনে নে নাই পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ প্ৰকৃত পৰিচয় আৰু যাত্ৰাৰ উদ্দেশ্যকে ধৰি সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে।

ইপিনে, বাংলাদেশী লোকৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰিত আজি খাৰুৱাবান্ধা আৰক্ষীয়ে চাৰ্জিন লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ফেকামাৰী আৰু দয়াৰচৰ এলেকাত অভিযান চলাই আটক কৰা লোক কেইজনক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে। ধৃত লোক কেইজন জামিনুল হক, জাবেদ ইছলাম, আব্দুল লতিফ মিঞা আৰু ছাজিদ হুছেইন বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীৰ উদ্ধৃতিৰে আমাৰ মানকাচৰৰ সংবাদদাতাই জনোৱা মতে ধুবুৰী আৰক্ষীয়ে আটক কৰা ৩৬ জন বাংলাদেশী নাগৰিকক এই লোক কেইজনে হাটশিঙিমাৰিৰ পৰা ধুবুৰীলৈ প্ৰেৰণ কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।