September 17, 2026 6:33 PM

views 10

অসম আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত ২৭জন বাংলাদেশী নাগৰিকক আটক

অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই ২৭জন বাংলাদেশী নাগৰিকক আটক কৰিছে। সীমান্ত আৰক্ষীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা ১২জন আৰু ৰে'ল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা ১৫জন বাংলাদেশী লোকক আটক কৰে। এই সন্দৰ্ভত আজি এখন সংবাদ মেলত সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক কুলেন্দ্র প্রসাদ ডেকাই কয় যে মেঘালয়ৰ ডাডকীৰ পৰা বাংলাদেশী লোকৰ এটা দল গুৱাহাটীলৈ অহাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ চৌহদৰ পৰা কালি প্রথমে ১২জনক আটক কৰে। দলটোৰ বাকীকেইজন লোকে ৰেলেৰে যাত্ৰা কৰা বুলি তথ্য ...

December 31, 2024 6:31 PM

views 34

ৰাজধানী মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা ১২ বাংলাদেশী অনুপ্ৰৱেশকাৰী আটক

দিল্লী আৰক্ষীয়ে ৰাজধানী মহানগৰীখনৰ বিভিন্ন ঠাইত অভিযান চলাই ১২ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছে। দিল্লীৰ নিজামুদ্দিন, কালিন্দীকুঞ্জ, শ্বাহীনবাগ আৰু চৰিতাবিহাৰ অঞ্চলত চলোৱা এই অভিযানৰ বিষয়ে জানিবলৈ দি দিল্লী আৰক্ষীয়ে লগতে প্ৰকাশ কৰা মতে কেউজন অনুপ্ৰৱেশকাৰীকে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। দক্ষিণ-পূব দিল্লীৰ উপ-আৰক্ষী আয়ুক্ত ৰবি কুমাৰ সিঙে লগতে কয়, যে এই অভিযানৰ সময়ত মহানগৰীখনৰ বিভিন্ন অঞ্চলত বসবাস কৰা প্ৰায় এহেজাৰ ২০০ গৰাকী নাগৰিকৰ নথি-পত্ৰ আৰক্ষীয়ে পৰীক্ষা কৰিছে।