অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই ২৭জন বাংলাদেশী নাগৰিকক আটক কৰিছে। সীমান্ত আৰক্ষীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা ১২জন আৰু ৰে’ল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা ১৫জন বাংলাদেশী লোকক আটক কৰে। এই সন্দৰ্ভত আজি এখন সংবাদ মেলত সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক কুলেন্দ্র প্রসাদ ডেকাই কয় যে মেঘালয়ৰ ডাডকীৰ পৰা বাংলাদেশী লোকৰ এটা দল গুৱাহাটীলৈ অহাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ চৌহদৰ পৰা কালি প্রথমে ১২জনক আটক কৰে। দলটোৰ বাকীকেইজন লোকে ৰেলেৰে যাত্ৰা কৰা বুলি তথ্য পোৱাৰ পাছত ৰে’ল আৰক্ষীৰ সহযোগত জম্মু-টাবে এক্সপ্রেছ বে’লগাড়ীৰ পৰা ১৫জন লোকক আটক কৰা হয়। আটক কৰা লোককেইজনৰ ভিতৰত ১১গৰাকী মহিলা আৰু ১৬জন পুৰুষ আছে বুলি উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | September 17, 2026 6:33 PM | Bangladeshi Arrest
অসম আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত ২৭জন বাংলাদেশী নাগৰিকক আটক