October 1, 2026 3:57 PM

views 3

ওদালগুৰি জিলাত আৰক্ষীৰ নিয়মীয়াকৈ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত

ওদালগুৰি জিলাত আৰক্ষীয়ে নিয়মীয়াকৈ ড্ৰাগছ বিৰোধী অভিযান চলাই আহিছে। আজি পুৱতি নিশা ৰৌতা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বুজন পৰিমাণৰ ভাং আৰু নগদ ধন জব্দ কৰে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

October 1, 2026 1:50 PM

views 17

অসম আৰক্ষী দিৱস উপলক্ষে ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ বলিদান দিয়া প্ৰতিগৰাকী বীৰৰ অদম্য সাহসক শ্ৰদ্ধাৰে স্মৰণ

আজি অসম আৰক্ষী দিৱস। আজিৰ দিনটোত অসম আৰক্ষীয়ে ৰাষ্ট্ৰৰ বাবে সর্বোচ্চ বলিদান দিয়া প্ৰতিগৰাকী বীৰৰ অদম্য সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। জনসেৱাৰ মূল মন্ত্ৰৰে উদ্বুব্ধ হৈ অসম আৰক্ষীয়ে বিগত সময়ছোৱাত বিগত সময়ছোৱাত নিৰন্তৰ সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ প্ৰথম কামাণ্ড' বেটেলিয়নৰ চৌহদত আয়োজিত দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। গোৱালপাৰা জিলাত অসম আৰক্ষী দিৱসৰ সৈতে সংগতি ৰাখি যোৱা ২৭ ছেপ্তেম্বৰৰ পৰাই বিভিন্ন কাৰ্যসূচী ৰূপায়...

September 10, 2026 12:52 PM

views 11

কাছাৰ আৰক্ষী অভিযানত ১৭ কুইণ্টল বার্মিজ আফুগুটি জব্দ

কাছাৰ আৰক্ষীয়ে যোৱা নিশা বাঁশকান্দি আৰক্ষী চকীৰ অধীনৰ আলগাপুৰৰ এটা গুদামত অভিযান চলাই ১৭ কুইণ্টল বার্মিজ আফুগুটি জব্দ কৰে। আৰক্ষীয়ে আফুগুটি সৰবৰাহৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ হোৱা আফুগুটিখিনি ক'ৰপৰা অনা হৈছিল, ইয়াৰ সৰবৰাহৰ সৈতে কোনো চক্র জড়িত আছে নেকি সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

September 8, 2026 11:44 AM

views 22

চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰ্টেল মুকলিৰ সিদ্ধান্ত

ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত অভিযান চলাই আৰক্ষীয়ে ৩ শতাধিক মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পাছত চৰকাৰে ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত অভিযান চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যালয়ত থকা মধ্যভোগীৰ তথ্য সাধাৰণ নাগৰিকে নিজেই চৰকাৰক দাখিল কৰি...

September 7, 2026 12:17 PM

views 6

হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষীৰ অভিযানত ৬ কোটি টকা বজাৰ মূল্যৰ য়াবা টেবলেট জব্দ

হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষীয়ে মাদকদ্রব্য বিৰোধী অভিযান চলাই কালি প্ৰায় ৬ কোটি টকা বজাৰ মূল্যৰ য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত দুজন লোকক আটক কৰে। ধৃত লোকদুজন ৰফিকুল ইছলাম আৰু ৰছিদ ইছলাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

September 6, 2026 11:54 AM

views 32

ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা

ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। অবৈধভাৱে সুৰা উৎপাদন আৰু সৰবৰাহে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে ৰাজ্য চৰকাৰে যথেষ্ট ৰাজহ ঘাটিৰো সম্মুখীন হ'বলগীয়া হৈছে। সেয়ে চৰকাৰে ৰাজহ ঘাটি নোহোৱা কৰাৰ কাৰণে অবৈধ সুৰাৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম বলৱতৰ সিদ্ধান্ত লৈছে। গুৱাহাটীৰ কৰ ভৱনত কালি অনুষ্ঠিত এখন বৈঠকত আবকাৰী মন্ত্ৰী অতুল বৰাই এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। অসমৰ বিভিন্ন জিলাৰ আবকাৰী অধীক্ষক, উপ অধীক্ষক, পৰিদৰ্শক, সহ পৰিদৰ্শকসকলৰ...

September 6, 2026 11:12 AM

views 47

ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত ৩৩০ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

ৰাজ্যজুৰি অসম আৰক্ষীয়ে কালি পুৱাৰে পৰা চলোৱা অভিযানত মুঠ ৩৩০ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। কাজিৰঙাত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পাছতে অসম আৰক্ষীয়ে প্ৰৱঞ্চকৰ বিৰুদ্ধে এই অভিযান চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ ২৯ খন জিলাত এই অভিযান চলোৱা হয়। এই অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰা দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰৱঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰৱঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰ...

September 5, 2026 6:35 PM

views 12

ৰাজ্যজুৰি প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাইছে। ৰাজ্যৰ ২৯ খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পর্যন্ত ৩৩০ জন প্ৰৱঞ্চকক আটক কৰা হৈছে। অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংশা কৰাৰ দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰৱঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰৱঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাইছে। গুৱাহাটীত এতিয়ালৈ দুজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছ...

September 2, 2026 6:19 PM

views 16

বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিবঃ মুখ্যমন্ত্ৰী

অসম আৰক্ষীত অনাগত সময়ত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিব। ড° শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত, প্ৰমাণপত্ৰ লাভ কৰিবল...

August 14, 2026 7:10 PM

views 16

ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। বিশেষ টাক্স ফ’ৰ্ছে আজি এনে এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ৮০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। টাক্স ফ'ৰ্চৰ এটা দলে গুৱাহাটী ছয়মাইলৰ চচলৰ এটা ফ্লেটত অভিযান চলাই ১০ কিলোগ্রাম হেৰ'ইন জব্দ কৰে। ঘটনা সন্দৰ্ভত টাক্স ফ'ৰ্ছে পাঞ্জাবৰ লুধিয়ানাৰ হৰদ্বীপ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীজনে হেৰ'ইনখিনি পাঞ্জাবলৈ নিয়াৰ পৰিকল্পনাৰে ফ্লেটটোত বাহাৰ পাতি আছিল। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে বিশেষ টাক্স ফ'ৰ্ছে ফ্লেটটোত অভিযান ...